সোণাপুৰৰ জুবিন ক্ষেত্ৰত বলীউডৰ জনপ্ৰিয় অভিনেতা ৰাজপাল য়াদৱ।
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষ শয়নস্থলীত উপস্থিত হৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অভিনেতাগৰাকীয়ে।
কেৱল শ্ৰদ্ধাঞ্জলিয়েই নহয়, জুবিন গাৰ্গৰ সৃষ্টি আৰু সংগীতৰাজি স্মৰণ কৰি শিল্পীগৰাকীৰ প্ৰতি নিজৰ শ্ৰদ্ধা আৰু ভালপোৱা প্ৰকাশ কৰে ৰাজপাল য়াদৱে।
উল্লেখ্য যে, পৰিচালক সুব্ৰত কাকতিৰ পৰিচালনাত নিৰ্মাণ হ’বলগীয়া এখন অসমীয়া বোলছবিত অভিনয়ৰ বাবে অসমলৈ আহিছে বলীউডৰ অভিনেতাগৰাকী।
আৰু অসমত উপস্থিত হোৱাৰ পাছতে যাত্ৰাপথত সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত হৈ প্ৰাণৰ শিল্পীগৰাকীৰ আশিস ল’লে ৰাজপাল য়াদৱে ।