এক মৰ্মান্তিক দুৰ্ঘটনাত একেটা পৰিয়ালৰ ১৩জন লোকৰ মৃত্যু

ঝাৰখণ্ডৰ ৰামগড় জিলাত মৰ্মান্তিক দুৰ্ঘটনা। একেটা পৰিয়ালৰ ১৩ জন লোকৰ মৃত্যু। গুৰুতৰভাৱে আহত এজন।

বিহাৰৰ নালন্দা জিলাৰ পৰা ৰজৰপ্পা মন্দিৰত পূজা কৰিবলৈ গৈ থকা অৱস্থাত ভয়ংকৰ দুৰ্ঘটনা।

প্ৰাপ্ত তথ্য অনুসৰি, বিহাৰৰ নালন্দা জিলাৰ বেন থানা এলেকাৰ জংঘৰো গাঁৱৰ বাসিন্দা বিবেক কুমাৰৰ পত্নীয়ে চৰকাৰী বিদ্যালয়ত শিক্ষক পদত নিযুক্তি লাভ কৰিছিল। এই আনন্দৰ খবৰটো উদযাপন কৰিবলৈ পৰিয়ালটোৱে ৰজৰপ্পা মন্দিৰত পূজা-অৰ্চনা কৰিবলৈ এখন স্কৰপিঅ’ বাহনেৰে যাত্ৰা কৰিছিল। যাত্ৰাপথত ঝাৰখণ্ডৰ ৰামগড়ৰ NH-33 ঘাইপথত স্কৰপিঅ’খন এখন অচিনাক্ত বাহনৰ সৈতে খুন্দা লাগে। এই দুৰ্ঘটনাত চাৰিটা শিশু, চাৰিগৰাকী মহিলা আৰু পাঁচজন পুৰুষকে ধৰি মুঠ ১৩ জন লোকৰ থিতাতে মৃত্যু হয়।

চালকজনৰ বাহিৰে বাহনখনত থকা সকলো লোক একেটা পৰিয়ালৰে আছিল বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা এজন ব্যক্তিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

এই ভয়ংকৰ দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে কুজ্জু আউটপোষ্ট আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ আৰু আহতজনক উদ্ধাৰ কৰি ৰামগড় সদৰ চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰে।

ৰামগড়ৰ উপায়ুক্ত ঋতুৰাজ আৰু আৰক্ষী অধীক্ষককে ধৰি প্ৰশাসন তথা আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে ঘটনাস্থলী পৰিদৰ্শন কৰি প্ৰয়োজনীয় নিৰ্দেশনা দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *