গুৱাহাটীত উপস্থিত বলীউডৰ জনপ্ৰিয় অভিনেতা ৰাজপাল যাদৱ

বলিউডৰ জনপ্ৰিয় অভিনেতা ৰাজপাল যাদৱ অসমত । আগন্তুক ৫দিনৰ বাবে অসমলৈ আহিছে অভিনেতাগৰাকী। শুভ্ৰত কাকতিৰ পৰিচালনাত নিৰ্মান হ’বলগীয়া ‘ডাবোল বিয়া’ নামৰ এখন অসমীয়া চলচিত্ৰত প্ৰথমবাৰৰ বাবে অভিনয় কৰিব ৰাজপাল যাদৱে।

ছবিখনৰ দৃশ্যগ্ৰহনৰ উদ্দেশ্যে আজি বৰঝাৰ বিমানবন্দৰত আহি উপস্থিত হয় অভিনেতাগৰাকী। বিমানবন্দৰত আহি উপস্থিত হোৱাৰ পিছতে টিম ‘ডাবোল বিয়া’ ৰ পৰিচালক তথা শুভাকাংশী সকলে আদৰণি জনাই অভিনেতাগৰাকীক। বিমানবন্দৰৰ পৰা পোনে পোনে মা কামাখ্যা দৰ্শন কৰি জুবিন ক্ষেত্ৰলৈ ৰাওনা হ’ব ৰাজপাল যাদৱ। ইয়াৰ পিছত ছবি খনৰ দৃশ্যগ্ৰহনত অংশ লবলৈ গোলাঘাটলৈ ৰাওনা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *