শৰাইঘাট দলঙত দুৰ্ঘটনা;নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ তলত পৰিল ট্ৰাক

শৰাইঘাট দলঙত ভয়ংকৰ পথ দুৰ্ঘটনা ।

নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ পৰা তলত পৰিল মালভৰ্তি ট্ৰাক ।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ট্ৰাকখনৰ ড্ৰাইভাৰ হেণ্ডিমেন ।

যানবাহন আৰক্ষীয়ে দুয়োজনকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে ।

ট্ৰাকখন হাৰিয়ানাৰ বুলি আৰক্ষীয়ে সদৰি কৰিছে ।

ফ্লিপকাৰ্টৰ সামগ্ৰী কঢ়িয়াই আনিছিল ট্ৰাক খনে ।

গুৱাহাটী গড়চূক অভিমুখে গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো ।

দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ।

Leave a Reply

Your email address will not be published. Required fields are marked *