বৃহস্পতিবাৰে নিশা ঝাৰখণ্ডৰ ৰামগড় জিলাত শোকাৱহ পথ দুৰ্ঘটনা ৰাজৰপ্পা আৰক্ষী থানাৰ অধীনৰ লাৰি-বাৰলঙৰ সমীপত কয়লা ভৰ্তি ট্ৰাক আৰু যাত্ৰীবাহী বাহন মাজত সংঘৰ্ষ
ফলত থিতাতে নিহত ৭ জন লোক গুৰুতৰভাৱে আহত এজন। আহত ব্যক্তিজনক উন্নত চিকিৎসাৰ বাবে ৰাঁচীলৈ প্ৰেৰণ। মৃত লোক কেইজন বেণ্ড পাৰ্টিৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, বলছাগ্ৰাৰ দুজন লোক আৰু মাৰ্গামাৰ্চা গাঁৱৰ টাছা-বেণ্ড পাৰ্টিৰ সদস্যই এখন যাত্ৰীবাহী বাহনেৰে মাৰ্গামাৰ্চালৈ আহিছিল । বেণ্ড-তাছা পাৰ্টিৰ আন সদস্যৰ সৈতে তেওঁলোক বলছাগ্ৰালৈ উভতি আহিছিল এটা অনুষ্ঠানৰ বাবে । ইফালে ৰামগড়ৰ পৰা আহি থকা এখন দ্ৰুতবেগী কয়লা ভৰ্তি ট্ৰাকে গাড়ীখনক অভাৰটেক কৰিবলৈ চেষ্টা কৰা অৱস্থাতে খুন্দা মাৰে । ইয়াৰ ফলত গাড়ীখন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ৮জন লোকৰ আটাইকেইজন গুৰুতৰভাৱে আহত হয় ।
দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে স্থানীয় গাঁওবাসী, ৰাজৰপ্পা থানা, আৰু অন্যান্য থানাৰ আৰক্ষীয়ে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় । আহত আটাইকেইজনক লগে লগে ৰামগড় সদৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । তাত উপস্থিত হোৱাৰ লগে লগে চিকিৎসকে ৭ জন লোকক মৃত বুলি ঘোষণা কৰাৰ বিপৰীতে সংকটজনক অৱস্থাত এজন লোকক ৰাঁচীলৈ প্ৰেৰণ কৰা হয় ।
ৰামগড় সদৰ চিকিৎসালয়ৰ চিভিল চাৰ্জন ডাঃ অনিল কুমাৰে উল্লেখ কৰে যে পথ দুৰ্ঘটনাৰ পিছত মুঠ ৮ জন লোকক চিকিৎসালয়লৈ অনা হয় । ইয়াৰে ৭ জনৰ মৃত্যু হোৱাৰ বিপৰীতে আহত এজনৰ অৱস্থা সংকটজনক আৰু উন্নত চিকিৎসাৰ বাবে ৰাঁচীলৈ প্ৰেৰণ কৰা হৈছে । সকলো মৃতদেহ মৰণোত্তৰ পৰীক্ষা গৃহত ৰখা হৈছে ।
এই দুৰ্ঘটনাৰ পিছতে মৃতকৰ আত্মীয় আৰু স্থানীয় বাসিন্দাসকলৰ মাজত ক্ষোভৰ সৃষ্টি হয়।