কেন্দ্ৰীয় চৰকাৰৰ বস্ত্ৰশিল্প মন্ত্ৰালয়ৰ উদ্যোগত শিৱসাগৰত অনুষ্ঠিত হস্তশিল্প আৰু হস্ততাঁত প্ৰদৰ্শনী-মেলাৰ দেওবাৰে সামৰণি পৰে।
মেঘালয়ৰ পূব খাচী পাহাৰ অঞ্চলত মেটেকা আৰু বাঁহৰ সামগ্ৰী প্ৰস্তুত কৰাৰ প্ৰশিক্ষণ গ্ৰহণ ৩০ গৰাকী হস্ত শিল্পীৰ সামগ্ৰীসমূহ এই মেলাত প্ৰদৰ্শন কৰা হয়।
ভাৰত বাংলাদেশ সীমান্তৰ হস্ত শিল্পীয়ে প্ৰস্তুত কৰা সামগ্ৰীসমূহ বজাৰৰ বাবে নৰ্থ ইষ্ট ডেভেলপমেণ্ট ফৰামে বিশেষ ব্যৱস্থা গ্ৰহণ কৰি আহিছে।