শপতগ্ৰহণৰ পূৰ্বে বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত অগপৰ ৯ গৰাকী বিধায়ক

শপতগ্ৰহণৰ পূৰ্বে বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত অগপৰ ৯ গৰাকী বিধায়ক।

অসম আন্দোলনৰ ৮৬০ গৰাকী শ্বহীদলৈ শ্ৰদ্ধা নিবেদিব বিধায়কসকলে।

শ্বহীদ স্মাৰক ক্ষেত্ৰত উপস্থিত হয় অতুল বৰা, কেশৱ মহন্ত, তপন দাস, প্ৰকাশ চন্দ্ৰ দাস, দীপক দাস, বিকাশ শইকীয়া, জীৱেশ ৰায়, ধৰ্মেশ্বৰ ৰয়,পৃথ্বীৰাজ ৰাভা।

শ্বহীদ স্মাৰক ক্ষেত্ৰত উপস্থিত হৈ কেশৱ মহন্ত সংবাদ মাধ্যমৰ সন্মুখত কয়,বিধানসভাৰ শপতগ্ৰহণ অনুষ্ঠানৰ প্ৰাকক্ষণত অসম আন্দোলনৰ শ্বহীদসকললৈ প্ৰণিপাত জনালো।শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জনাই ভৱিষ্যতৰ দিনত অগ্ৰসৰ হ’ব অগপ বিধায়কসকল।

কাইলৈ ষষ্ঠদশ অসম বিধানসভাৰ অধিৱেশনত শপত গ্ৰহণ কৰিব নৱনিৰ্বাচিত বিধায়কসকলে।

Leave a Reply

Your email address will not be published. Required fields are marked *