“মেঘালয়লৈ গ’লে কিয় আমাৰ অসমৰ ল’ৰাই মাৰ খাই?,গাড়ী ভাঙিলে, ক্ষতিপূৰণ কোনে দিব?”-কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ।

পুনৰ অসম-মেঘালয় সীমান্তত তীব্ৰ উত্তেজনা।অসমৰ কেব চালক, বিভিন্ন পৰিবহণ সন্থাৰ তীব্ৰ প্ৰতিবাদত স্তব্ধ হৈ পৰিছে খানাপাৰা।খানাপাৰা আৰু যোৰাবাটত চালকসকলে পুৱাৰে পৰা অৱৰোধৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে ।
বাহনসমূহক মেঘালয়ত প্ৰৱেশত বাধা আৰোপ প্ৰতিবাদকাৰী চালকসকলৰ।খানাপাৰাৰ পৰাই ঘূৰাই পঠোৱা হৈছে বাহনসমূহ ।

কেৱল বাহনেই নহয় অসমৰ পৰ্যটকৰ ওপৰতো আক্ৰমণ কৰে প্ৰতিবাদকাৰীৰ ৰূপত থকা দুস্কৃতিকাৰীয়ে ।

কেব চালকসকলৰ প্ৰতিবাদস্থলীত উপস্থিত হৈছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ।

মীৰা বৰঠাকুৰে প্ৰতিবাদস্থলীত উপস্থিত হৈ কয়- ‘মেঘালয়লৈ গ’লে কিয় আমাৰ অসমৰ ল’ৰাই মাৰ খাই? শক্তিশালী মুখ্যমন্ত্ৰীৰ দিনত আমাৰ ল’ৰা-ছোৱালীয়ে মাৰ খাবলৈ কাম কৰি আছে নেকি? অসমৰ মুখ্যমন্ত্ৰীয়ে নিজকে ভাৰতৰ শক্তিশালী মুখ্যমন্ত্ৰী বুলি কোৱাৰ পাছত কিয় বাৰে বাৰে চুবুৰীয়া ৰাজ্য মেঘালয় , অৰুণাচলপ্ৰদেশ , নাগালেণ্ড , মিজোৰাম সকলোতে আমাৰ অসমীয়াই মাৰ খাব লগা হয়?’

লগতে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে লগতে কয়- ‘কালি আমাৰ গাড়ী চালক , পৰ্যটক তেওঁলোকে মেঘালয়ত কিয় মাৰ খাব লগা হ’ল? গাড়ী ভাঙিলে, ক্ষতিপূৰণ কোনে দিব? মেঘালয় চৰকাৰে কিয় সুৰক্ষা দিব পৰা নাই ? NEDAৰ আহ্বায়কে কিয় চুবুৰীয়া ৰাজ্যৰ লগত আমাৰ সুৰক্ষা সুনিশ্চিত কৰিব পৰা নাই? মুখ্যমন্ত্ৰীয়ে ২৪ ঘন্টাৰ ভিতৰত এই ঘটনাৰ মীমাংসা কৰি ক্ষতিগ্ৰস্ত গাড়ীৰ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক আৰু আমাৰ চালক-পৰ্যটকৰ সুৰক্ষা নিশ্চিত কৰক।’

Leave a Reply

Your email address will not be published. Required fields are marked *