মানকাচৰৰ বেপাৰীপাৰাত বানৰ ওপৰত ম’ক ড্ৰিল কাৰ্যসূচী

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ সহযোগত দক্ষিণ শালমাৰা-মানকাচৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই আজি মানকাচৰৰ বেপাৰীপাৰাত বানৰ ওপৰত ম’ক ড্ৰিল কাৰ্যসূচী অনুষ্ঠিত কৰে।

মানকাচৰ ৰাজহ চক্ৰ এলেকাৰ অধীনত থকা বিভিন্ন বিভাগৰ কৰ্মচাৰী, এনচিচি আৰু এন এছ এছৰ সদস্য সকলক লৈ ৫ আৰু ৬ জানুৱাৰীত দুদিনীয়াকৈ প্ৰশিক্ষণ আৰু অনুশীলন কাৰ্যসূচী অনুষ্ঠিত হয়।

ইয়াৰ পাছতে আজি বেপাৰীপাৰা জিঞ্জিৰাম নৈত বানৰ ওপৰত ম’ক ড্ৰিল অনুষ্ঠিত হয়। প্ৰশিক্ষণ লোৱা কৰ্মচাৰী, এছডিআৰএফ আৰু বিভিন্ন পৰ্যায়ৰ সদস্য সকলে ম’ক ড্ৰিলত বানাক্ৰান্তক উদ্ধাৰ কৰি বান সাহায্য শিবিৰলৈ কি দৰে নিব লাগে সেই সন্দৰ্ভত আখৰা চলায়।

উদ্ধাৰ কৰা বানাক্ৰান্ত লোক, শিশুক বান সাহায্য শিবিৰত নি কি কি সুবিধা প্ৰদান কৰিব লাগে তাৰ ওপৰতো আখৰা কৰা হয়। 

Leave a Reply

Your email address will not be published. Required fields are marked *