মহিলাক চোঁচৰাই ডিঙিৰ পৰা চেইন কাঢ়ি লোৱাৰ চেষ্টা

ধুবুৰী চহৰৰ মাজমজিয়াত চাঞ্চল্যৰ ঘটনা৷

ধুবুৰী চহৰৰ পাচ মোড অঞ্চলত মহিলাক চোঁচৰাই ডিঙিৰ পৰা চেইন কাঢ়ি লোৱাৰ চেষ্টা৷

ধুবুৰী শান্তি নগৰৰ বাসিন্দা ৬০ বছৰীয়া প্ৰাক্তন শিক্ষয়িত্ৰী

লতিকা সৰকাৰে স্বাস্থ্য পৰিক্ষাৰ বাবে ধুবুৰী স্বাগত মেডিকেলত অহাৰ সময়চোৱাতে মুখত হেলমেট পিন্ধি আৰু নম্বৰ প্লেট বিহীন মটৰচাইকেলৰে আহি প্ৰথমে চেইন গ’লৰ পৰা টানি পেলাই দি চেইন চুৰি কৰাৰ চেষ্টা চলাই৷ স্থানীয় ৰাইজে ঘটনাস্থলীত অহাৰ পাছতে চিলনী চোৰে সুযোগ বুজি ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷

চোঁচৰাই পেলাই দিয়াৰ বাবে গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হয় মহিলা গৰাকী।

Leave a Reply

Your email address will not be published. Required fields are marked *