মহানগৰীত ডেলিভাৰী বয়ক প্ৰাণে মৰাৰ ভাবুকি!পিষ্টল দেখুৱাই ভাবুকি দিয়াৰ অভিযোগ

মহানগৰীত নিশা চাঞ্চল্যকৰ ঘটনা।

এগৰাকী ডেলিভাৰী বয়ক আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ ।

অনলাইন সামগ্ৰী ডেলিভাৰীৰ কৰিবলৈ যোৱা সময়তে যুৱকজনক আক্ৰমণৰ অভিযোগ।

গুৱাহাটীৰ মালিগাঁও বৰিপাৰাত সংঘটিত হয় এই ঘটনা।

ধৰণী কুমাৰ নামৰ লোকজনৰ বিৰুদ্ধে এই অভিযোগ চাইদুল ইছলামৰ।

বাইক ৰখোৱাৰ বাবেই লোকজনে প্ৰহাৰ কৰে ডেলিভাৰীৰ বাবে যোৱা যুৱকজনক।

কিন্তু যুৱকজনৰ মতে তেওঁৰ কোনো ভুল নোহোৱাকৈ প্ৰহাৰ কৰিছে ধৰণী কুমাৰে।

লগতে আন এগৰাকী লোকে পিষ্টল দেখুৱাই ভাবুকি দিয়াৰ অভিযোগ।

এই ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ।

ইফালে ডেলিভাৰীৰ লগত জড়িত আন যুৱকসকলেও এই ঘটনাৰ উচিত বিচাৰ কৰিবলৈ দাবী জনাই।

Leave a Reply

Your email address will not be published. Required fields are marked *