মন্ত্ৰিত্ব লাভৰ পিছতে প্ৰথমবাৰলৈ গৃহ সমষ্টিত মন্ত্ৰী ৰামেশ্বৰ তেলী

নৱ গঠিত অসম মন্ত্ৰীসভাৰ তিনিটাকৈ গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব লাভ কৰি আজি প্ৰথমবাৰৰ বাবে দুলীয়াজানত উপস্থিত হয় কেবিনেট মন্ত্ৰী ৰামেশ্বৰ তেলী।

মন্ত্ৰীগৰাকীৰ এই আগমনক কেন্দ্ৰ কৰি সমগ্ৰ দুলীয়াজানতে এক উচাহ মুখৰ পৰিৱেশৰ সৃষ্টি হয়।।

জানিব পৰা মতে, ডিব্ৰুগড় বিমানবন্দৰত অৱতৰণ কৰাৰ পিছত মন্ত্ৰী ৰামেশ্বৰ তেলী পোনে পোনে দুলীয়াজান অভিমুখী হয়। নতুন দায়িত্বভাৰ গ্ৰহণৰ পিছত গৃহজিলা তথা নিজ সমষ্টিলৈ অহা মন্ত্ৰীগৰাকীক আদৰিবলৈ বাট চাই আছিল শ শ গুণমুগ্ধই।।

ডিব্ৰুগড়ৰ পৰা আহি পোনে পোনে দুলীয়াজান ক্লাবত উপস্থিত হোৱাৰ লগে লগেই মন্ত্ৰী ৰামেশ্বৰ তেলীক দলীয় কৰ্মী, স্থানীয় সংগঠন আৰু দুলীয়াজানৰ ৰাইজে উষ্ম আদৰণি জনায়। ফুলাম গামোচা, ফুলৰ থোপাৰে মন্ত্ৰীগৰাকীক উচাহেৰে আপ্লুত কৰি তোলে উপস্থিত ৰাইজে।

দুলীয়াজান ক্লাবত উপস্থিত হৈ সংবাদ মাধ্যমৰ মুখামুখি হয় নৱ-নিযুক্ত কেবিনেট মন্ত্ৰীগৰাকী। সাক্ষাৎকাৰৰ সময়ত তেওঁ আৱেগিক হৈ পৰে আৰু দুলীয়াজানৰ ৰাইজক আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰে।

​কেবিনেটত এনে গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰাৰ বাবে মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে অসমৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰীৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ কয় যে, মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ সবল নেতৃত্ব আৰু মাৰ্গদৰ্শনৰ বাবেই আজি তেওঁ ৰাইজৰ সেৱা কৰাৰ এই বৃহৎ সুযোগ লাভ কৰিছে। অনাগত দিনত এই তিনিটা বিভাগৰ জৰিয়তে অসম তথা দুলীয়াজানৰ উন্নয়নমূলক কাম-কাজ আৰু অধিক ক্ষিপ্ৰতৰ কৰাৰ বাবে তেওঁ সংকল্পবদ্ধ বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *