ভৈৰৱকুণ্ডা এপাৰ্টমেণ্টত ৰহস্যজনক মৃত্যু শান্তনু মৰাঙৰ; গুৱাহাটীৰ পাৰ্লাৰত কাম কৰিছিল শান্তনু!

পুনৰ গুৱাহাটী মহানগৰীত যুৱকৰ ৰহস্যজনক মৃত্যু। গুৱাহাটীৰ এপাৰ্টমেণ্টত শান্তনু মৰাং নামৰ এজন যুৱকে ৰহস্যজনক মৃত্যুক আঁকোৱালি লয়। মৃত শান্তনু মৰাং।বোকাখাতৰ বেতিয়নি কলাপান গাঁৱৰ নিৱাসী আছিল

পৰিয়ালৰ লোকে শান্তনু মৰাঙক হত্যাৰ অভিযোগ উত্থাপন কৰিছে।

উল্লেখ্য যে শনিবাৰে গুৱাহাটীৰ অম্বিকাগিৰী নগৰৰ ভৈৰৱকুণ্ডা এপাৰ্টমেণ্টত ৰহস্যজনকভাৱে শান্তনু মৰাঙৰ মৃতদেহ উদ্ধাৰ হৈছিল । পৰিয়ালৰ ভাষ্য অনুসৰি বিগত ৮-৯ মাহে কলিতা উপাধিৰ এগৰাকী মহিলাৰ পাৰ্লাৰত কাম কৰিছিল যুৱকজনে। সেই মহিলাগৰাকীৰ ঘৰতেই থাকিছিল যুৱকজন। কিন্তু হঠাৎ যুৱকজনৰ মৃত্যুক লৈ সৃষ্টি হৈছে ৰহস্য।

পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি শান্তনুৰ পৰিয়ালৰ লোক আহি উপস্থিত হোৱাৰ পূৰ্বে মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছিল। পৰিয়ালৰ লোক আহি উপস্থিত হোৱাৰ পূৰ্বে মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ বাবে সমগ্ৰ ঘটনাক লৈ সৃষ্টি হৈছে ৰহস্য।

অৱশেষত পৰিয়ালৰ লোকে গীতানগৰ আৰক্ষী থানাৰ দাখিল কৰিছে এজাহাৰ। অভিযোগ অনুসৰি মৃত্যৰ নিশা কলিতা উপাধিৰ মহিলাগৰাকী ঘৰৰ আলহী নিকু দাসৰ স্কৰ্পিঅ’ বাহন পাৰ্কিঙৰ বাবে দিছিল শান্তনু নামৰ যুৱকজনক।

কিন্তু গাড়ী চলোৱাত পাকৈত নাছিল শান্তনু যাৰ ফলত গাড়ীখন দুৰ্ঘটনাত পতিত হৈছিল বুলি পৰিয়ালৰ মন্তব্য কৰিছে শান্তনুৰ পৰিয়ালে। নিশা ১:৩০ বজাত যুৱকজনে চৰম সিদ্ধান্ত লোৱাৰ কথা বুলি খবৰ দিছিল গুৱাহাটীৰ পৰা। বিলাসী বাহনখন দুৰ্ঘটনা কৰাৰ বাবে যুৱকজনক হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰিছে শান্তনুৰ পৰিয়ালৰ লোকে।

Leave a Reply

Your email address will not be published. Required fields are marked *