ভিয়েটনামত ভয়ংকৰ নাও দুর্ঘটনা;ভাৰতীয় পৰ্যটক কঢ়িওৱা নাও দুর্ঘটনাগ্রস্ত

ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা।শনিবাৰে ভিয়েটনামৰ ফু কুক দ্বীপৰ সমীপত ভাৰতীয় পৰ্যটক কঢ়িওৱা নাও দুৰ্ঘটনাগ্ৰস্ত হয়৷ দুৰ্ঘটনাত ভাৰতীয় পৰ্যটককে ধৰি মুঠ ১৫ জন লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে ৷

হানৈয়ত থকা ভাৰতীয় দূতাবাসে জানিবলৈ দিয়া অনুসৰি, বৰ্তমান উদ্ধাৰ অভিযান চলি আছে । ইতিমধ্যে ভাৰতীয় মিছনে কণ্ট্ৰল ৰুম স্থাপন কৰিছে।ঘটনাৰ সঠিক আৰু সবিশেষ তথ্যৰ বাবে স্থানীয় কৰ্তৃপক্ষই নিজৰ চেষ্টা অব্যাহত ৰাখিছে ৷

দূতাবাসে এক্সৰ এটা প’ষ্টত কয়, ‘‘কেইবাজনো ভাৰতীয় পৰ্যটক কঢ়িয়াই অনা এখন নাও ভিয়েটনামৰ ফু কুক দ্বীপৰ সমীপত বাগৰি পৰে । তথ্য আৰু সহায়ৰ বাবে হো চি মিন চহৰৰ(Ho Chi Minh City) ভাৰতীয় কনছুলেট জেনেৰেল আৰু হানৈয়ত থকা দূতাবাসত নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে ।

ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক তথ্য আৰু সাহায্য প্ৰদানৰ বাবে হো চি মিন চহৰৰ ভাৰতীয় কনছুলেট জেনেৰেলত এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে, যাৰ যোগাযোগ নম্বৰ হৈছে –

+৮৪ ৩৬ ২৮১ ৭৯৩০
+৮৪ ৯১ ৫৫২ ৩৭ ১৪
+৮৪ ৩৩ ৪৫২ ০৪১৪

একেদৰে হানৈয়ত এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে ৷ ইয়াৰ সৈতে যোগাযোগ কৰিবলৈ +৮৪ ৯১ ৩০৮ ৯১৬৫ নম্বৰ মুকলি কৰা হৈছে ৷ ভাৰতীয় দূতাবাসে কয় যে যিকোনো সহায় আৰু প্ৰশ্নৰ বাবে তেওঁলোক উপলব্ধ হৈ আছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *