তামিলনাডুৰ মাদুৰাইৰ কোট্টমপট্টিৰ সমীপত শোকাৱহ দুৰ্ঘটনা।
এখন ব্যক্তিগত অম্নিবাছ আৰু তামিলনাডু চৰকাৰী বাছৰ মাজত মুখামুখি সংঘৰ্ষ৷ ফলত এগৰাকী মহিলাসহ ৬ জন লোক নিহত হোৱাৰ লগতে ৪১ জন লোক আহত হয় ।
ঘটনা অনুসৰি, কেএমআৰ ট্ৰেন্সৰ মালিকানাধীন ব্যক্তিগত অম্নিবাছখন সোমবাৰে পুৱা মাদুৰাই জিলাৰ কোট্টমপট্টিৰ সমীপৰ ভাঞ্চিনগৰম চাৰিলেন পথত চেন্নাইৰ পৰা মাৰ্থাণ্ডামলৈ গৈ আছিল । দুৰ্ঘটনাগ্ৰস্ত বাহনখন শ্লিপাৰ বাছ আছিল ৷ হঠাতে চালকে বাছখনৰ নিয়ন্ত্ৰণ হেৰুৱাই এটা ৰোডব্লক পাৰ হৈ মূল পথৰ পৰা আঁতৰি পৰি যায় । ইয়াৰ পাছতে শ্লিপাৰ বাছখনে তিৰুচিৰাপল্লী অভিমুখী এখন চৰকাৰী বাছক খুন্দা মাৰে৷ যাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয় । হাইৱেৰ পেট্ৰ’ল আৰক্ষীয়ে নিশ্চিত কৰা মতে, এই দুৰ্ঘটনাত থিতাতে ৫ জন পুৰুষ আৰু এগৰাকী মহিলাসহ মুঠ ৬ জন লোক ।নিহত হয়।
এই দুৰ্ঘটনাত প্ৰায় ৪১ জন লোক আহত হৈছে ৷ আহত আটাইকে মেলুৰ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ইফালে একাংশ গুৰুতৰভাৱে আহত হোৱা যাত্ৰীক উন্নত চিকিৎসাৰ বাবে চৰকাৰী ৰাজাজী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।
উপ-আৰক্ষী সঞ্চালক প্ৰধান অভিনৱ কুমাৰ আৰু আৰক্ষী অধীক্ষক দেৱনাথনে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে । আৰক্ষীয়ে মৃত লোকজনৰ বিষয়েও তথ্য সংগ্ৰহ কৰি আছে ।