বিজনী আৰক্ষীৰ সফলতা।
বিজনী শিয়ালমাৰিত ড্ৰাগছসহ দুইজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে বিজনী আৰক্ষীৰ।
বিজনী আৰক্ষীৰ গোপন খবৰৰ ভিত্তিত বিজনী মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্ত, বিজনী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰিতুল মণি দাস আৰু উপ-পৰিদৰ্শক অনোৱাৰ হুছেইনৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই।
বৰপেটাৰ পৰা বিজনী অভিমুখে আহি থকা AS 01 EG 1499 নম্বৰৰ এখন চাৰিচকীয়া বাহনত তালাচী চলাই আৰক্ষীয়ে ড্ৰাগছসহ দুইজন লোকক গ্ৰেপ্তাৰ কৰে।
ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে বঙাইগাঁও জিলাৰ গেৰুকাবাৰীৰ আবু ছাফিয়ান আৰু মাকমাদুল হাছান বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছখিনিৰ মুঠ ওজন ৩৫.১৯ গ্ৰাম।
পিছত গ্ৰেপ্তাৰ কৰা দুয়োজনকে বিজনী আৰক্ষী থানালৈ লৈ আহে।