পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱক।দেওবাৰৰ পৰা সন্ধানহীন গহপুৰ ৰাঙলীয়ালৰ চুচেন দাস নামৰ যুৱকজন।
জানিব পৰা মতে, চুচেন দাস নামৰ যুৱকজনে কৰ্মৰ সন্ধানত ঘৰৰ পৰা অকলেই ওলাই গৈছিল অন্ধ্ৰপ্ৰদেশলৈ। অন্ধ্ৰপ্ৰদেশৰ বিজয় নগৰ নামৰ ঠাইখনৰ পৰা দেওবাৰে যুৱকজনে পত্নীলৈ আন কোনো ব্যক্তিৰ ম’বাইলৰ পৰা ফোন কৰিছিল। সেই ফোনকলটোত চুচেন দাসে পত্নীক কৈছিল যে, তেওঁৰ ম’বাইলত চাৰ্জ নাই, সেয়ে আনৰ ম’বাইলৰ পৰা ফোন কৰিছে।
কিন্তু তাৰ পাছৰ পৰাই আজিলৈকে কোনো যোগাযোগ নাই চুচেন দাসৰ। ২৬ বছৰীয়া চুচেন দাসৰ নিৰুদ্দেশে এতিয়া চিন্তিত কৰি তুলিছে পৰিয়ালৰ লোকক। পৰিয়ালৰ লোকে সহায় বিচাৰিছে আৰক্ষীৰ।