নগাঁও জিলাৰ ৰাঙলু চেংমৰাত বানাক্ৰান্ত ৰাইজৰ সাহায্যৰ বাবে অহা পশুখাদ্যৰ নামত কেলেংকাৰী! চৰকাৰীভাৱে যোগান ধৰা পশুখাদ্য স্থানীয় গাওঁপ্ৰধান আৰু গাঁওৰক্ষী বাহিনীৰ সম্পাদকে মিলি বেআইনীভাৱে বিক্ৰী কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।স্থানীয় ৰাইজে
ৰাঙলু চেংমৰাৰ গাঁওপ্ৰধান মইনুল হক আৰু গাঁওৰক্ষী বাহিনীৰ সম্পাদক আইন উদ্দিন আহমেদৰ বিৰুদ্ধে উঠিছে এই অভিযোগ। নিশাৰ আন্ধাৰত ই-ৰিক্সাৰে চৰকাৰী পশুখাদ্য গোপন স্থানলৈ লৈ যোৱাৰ সময়তে স্থানীয় ৰাইজে বাহনখন আটক কৰে।
আনহাতে, ৰাইজৰ অভিযোগ অনুসৰি অভিযুক্ত দুজনৰ প্ৰত্যক্ষ সহায়ত সৰ্বমুঠ ১৬ বস্তা চাপৰ বেআইনীভাৱে বিক্ৰী কৰি হৰলুকি কৰা হৈছিল। ঘটনাটো পোহৰলৈ অহাৰ লগে লগে অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু ভুক্তভোগী ৰাইজে অনতিবিলম্বে অভিযুক্ত দুজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।