বজালীত জিলা প্ৰশাসনৰ উদ্যোগত সেৱা সংকল্প অভিযানৰ সফল সামৰণি

বজালীত জিলা প্ৰশাসনৰ উদ্যোগত সেৱা সংকল্প অভিযানৰ সফল সামৰণি।

নগাওঁ লোকসভা সমষ্টিত দেৱাশীষ শৰ্মা জয়ৰ বাবে মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াক ধন্যবাদ জনাই অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে

সৰুপেটা বি.এচ.বি মহাবিদ্যালয় আৰু পাঠশালা পৌৰসভা কাৰ্যালয়ত সেৱা সংকল্প অভিযানৰ কাৰ্যসূচী

সাধাৰণ ৰাইজৰ কাষ চাপি চৰকাৰী আঁচনিৰ সুবিধা প্ৰদান আৰু জনসাধাৰণৰ সমস্যা সমাধানৰ লক্ষ্যৰে বজালীত সেৱা সংকল্প অভিযান।

সমগ্ৰ অসমৰ লগতে বজালী জিলাতো জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হৈছে সেৱা সংকল্প অভিযানৰ বিভিন্ন কাৰ্যসূচী।

১ অক্টোবৰৰ পৰা ১০ অক্টোবৰলৈ চলা সেৱা সংকল্প অভিযানৰ শনিবাৰে সফল সামৰণি পৰে

চৰকাৰী সেৱাসমূহ জনসাধাৰণৰ ওচৰলৈ লৈ যোৱা, যোগ্য হিতাধিকাৰীক বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা প্ৰদান কৰা আৰু ৰাইজৰ অভাৱ-অভিযোগৰ বুজ লোৱাৰ উদ্দেশ্যে এই অভিযানৰ আয়োজন কৰা হৈছে।

এই অভিযানৰ অংশ হিচাপে বজালীৰ সৰুপেটা বি.এচ.বি মহাবিদ্যালয় আৰু পাঠশালা পৌৰসভা কাৰ্যালয়ত অনুষ্ঠিত হয় বিশেষ কাৰ্যসূচী।

সৰুপেটাত অনুষ্ঠিত কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ-সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাসে।

আনহাতে,পাঠশালা পৌৰসভা কাৰ্যালয়ত অনুষ্ঠিত সেৱা সংকল্প অভিযানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে বজালী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়ে।

এই কাৰ্যসূচীৰ জৰিয়তে চৰকাৰী সেৱা আৰু জনকল্যাণমূলক আঁচনিৰ বিষয়ে ৰাইজক সজাগ কৰাৰ লগতে প্ৰশাসন আৰু জনসাধাৰণৰ মাজত সু-সমন্বয় গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

সাধাৰণ ৰাইজে যাতে চৰকাৰী আঁচনিৰ সুবিধা লাভৰ বাবে অযথা অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয়, তাৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে।

সেৱা সংকল্প অভিযানৰ জৰিয়তে চৰকাৰী সেৱাসমূহ অধিক সহজলভ্য কৰাৰ লগতে জনসাধাৰণৰ সমস্যা আৰু অভাৱ-অভিযোগসমূহৰ প্ৰতি প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰাৰ প্ৰয়াস কৰা হৈছে।

বজালী জিলাত এনে কাৰ্যসূচীয়ে চৰকাৰী আঁচনিৰ সুফল যোগ্য হিতাধিকাৰীৰ কাষলৈ লৈ যোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *