প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ হত্যাৰ ভাবুকি। লগতে অৰবিন্দ কেজৰিৱাললৈ আহিছে ধন দাবীৰ বাৰ্তা।
আম আদমী পাৰ্টিৰ বিধায়ক জৰ্ণাইল সিঙে আৰক্ষীক অৱগত কৰিছে যে লৰেন্স বিষ্ণোই গেঙে দলটোৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ পৰা ৭ কোটি টকা দাবী কৰিছে।
বিধায়কগৰাকীয়ে জনোৱা অনুসৰি, নিজকে লৰেন্স গেঙৰ সদস্য বুলি পৰিচয় দিয়া এজন অচিনাক্ত ব্যক্তিয়ে ফোন কল আৰু হোৱাটছএপৰ জৰিয়তে তেওঁলৈ ভাবুকিপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰিছে। দিল্লীৰ তিলক নগৰ সমষ্টিৰ আপৰ বিধায়ক জৰ্ণাইল সিঙে উল্লেখ কৰে যে ২০২৬ চনৰ ৬ নৱেম্বৰৰ সন্ধিয়া প্ৰায় ৬ বজাত এটা অচিনাক্ত নম্বৰৰ পৰা তেওঁৰ ব্যক্তিগত মোবাইল নম্বৰলৈ এটা ফোন কল আৰু হোৱাটছএপ বাৰ্তা আহে।
বাৰ্তাটোত প্ৰেৰকজনে লিখিছিল এনেদৰে- “মই লৰেন্স গেঙৰ পৰা কৈছোঁ। অৰবিন্দ কেজৰিৱালক ৭ কোটি টকা দিবলৈ কোৱা, নহ’লে মই অৰবিন্দ কেজৰিৱাল আৰু তেওঁৰ কন্যা হৰ্ষিতা কেজৰিৱালক হত্যা কৰিম।”