দেওবাৰে পুৱাই গুৱাহাটীৰ বিভিন্ন অঞ্চলত পৰিদৰ্শন ৰাজ্যৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কৌশিক ৰায়ৰ। গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া আৰু বিভাগীয় উচ্চপদস্থ বিষয়াসকলক লগত লৈ মন্ত্ৰীগৰাকীয়ে কেইবাটাও স্পৰ্শকাতৰ স্থান পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।
শনিবাৰে নিশা ধাৰাবাহিক বৰষুণৰ ফলত গুৱাহাটীৰ কাহিলিপাৰা অঞ্চলতো সৃষ্টি হোৱা কৃত্ৰিম বান পৰিস্থিতি মন্ত্ৰী কৌশিক ৰায়ে প্ৰত্যক্ষভাৱে পৰীক্ষা কৰে। পানী জমা হোৱাৰ মূল কাৰণসমূহ চিনাক্ত কৰাৰ লগতে স্থানীয় ৰাইজৰ সৈতেও তেওঁ আলোচনা কৰে। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে আটাইতকৈ বেছি গুৰুত্ব দিয়ে মহানগৰীৰ নিষ্কাশন ব্যৱস্থাৰ ওপৰত।
আনহাতে, মেয়ৰ মৃগেন শৰণীয়াই মন্ত্ৰীগৰাকীক বৰ্তমান পৌৰ নিগমে চলাই থকা নলা চাফাই অভিযানৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰে।মন্ত্ৰীগৰাকীয়ে উন্মুক্ত নলাসমূহ শীঘ্ৰে মেৰামতি কৰিবলৈ আৰু নলাৰ আৱৰ্জনা ২৪ ঘণ্টাই যুদ্ধকালীন তৎপৰতাৰে নিষ্কাশন কৰিবলৈ GMC আৰু GMDA-ৰ বিষয়াসকলক কঠোৰ নিৰ্দেশ দিয়ে।