পুনৰ বহিঃৰাজ্যত ৰহস্যজনক মৃত্যু অসমৰ যুৱকৰ

পুনৰ বহিঃৰাজ্যত ৰহস্যজনক মৃত্যু অসমৰ যুৱকৰ । ২০ এপ্ৰিল, ২০২৬ত ৰঙাপৰাৰ সোণাবিল গাঁও নিবাসী তথা দুগৰাকী কন্যা সন্তানৰ পিতৃ মিথিলা কেওঁটক একেখন গাঁৱৰে অমিত গোৱালা আৰু শ্যাম কন্ধই ঘৰৰ পৰা একপ্ৰকাৰ বলপূৰ্বকভাৱেই লৈ গৈছিল। কৰ্মসংস্থাপন প্ৰলোভনেৰে অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমলৈ লৈ গৈছিল ।

তাৰপাছত ২৩ এপ্ৰিলৰ পৰা মিথিলা কেওঁটৰ মোবাইল ফোনটো হঠাৎ বন্ধ হৈ পৰাত পৰিয়ালৰ লোকৰ মনত সন্দেহৰ সৃষ্টি হয়। দুদিনৰ পিছত মিথিলা কেওঁটৰ মৃত্যু হোৱাৰ খবৰটো পৰিয়ালৰ লোকে লাভ কৰাত মূৰত সৰগ ভাঙি পৰে পৰিয়ালবৰ্গৰ।

শুকুৰবাৰে পুৱতি নিশা বিশাখাপট্টনমৰ পৰা মিথিলা কেওঁটৰ মৃতদেহটো বাসগৃহলৈ অনাৰ পিছতে এক শোকাকূল পৰিৱেশৰ সৃষ্টি হয়।

ঘটনাৰ সন্দৰ্ভত মিথিলা কেওঁটৰ মৃত্যুৰ ন্যায় বিচাৰিছে তেখেতৰ পত্নী বিন্দু কুমাৰী প্ৰজাই। ঘটনাৰ সন্দৰ্ভত ৰঙাপৰা আৰক্ষীত এজাহাৰ দখল কৰিছে

Leave a Reply

Your email address will not be published. Required fields are marked *