পুনৰ তিনিচুকীয়াত উদ্ধাৰ মৃতদেহ৷
তিনিচুকীয়াৰ AT Road ৰ পৰা Low College ৰ প্ৰৱেশ পথত উদ্ধাৰ হয় মৃতদেহটো৷
মৃতদেহটো নিউ ডেভেলপমেণ্টৰ অশোক মাহাতু বুলি চিনাক্ত কৰিছে৷
লোকজনৰ শৰীৰত চোকা অস্ত্ৰই আঘাত কৰা চিন স্পষ্ট হৈ পৰাক লৈ এয়া এক হত্যাকাণ্ড বুলি সন্দেহ কৰিছে পৰিয়ালৰ লোকে৷
ইতিমধ্যে ঘটনাস্থলীত তিনিচুকীয়া আৰক্ষী, ফৰেনছিকৰ দ’ল উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত৷
উল্লেখ্য যে, মঙলবাৰে হিজুগুৰিত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত উদ্ধাৰ হৈছিল আন এটা মৃতদেহ৷
তিনিচুকীয়াত সঘনাই সংঘটিত হোৱা এনেধৰণৰ ঘটনাই সাধাৰণ জনতাৰ মাজত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে৷