পাঠশালাত উদ্ধাৰ গুৱাহাটীৰ পৰা চুৰি হোৱা বাইক,গ্ৰেপ্তাৰ ধৃত ৰফিকুল আলি

গুৱাহাটীৰ পানীখাইটি আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাইক। আৰক্ষী চকীৰ জালত চোৰসহ চুৰি বাইক।

ধৃত চোৰটো ধুবুৰীৰ আলমগঞ্জৰ ৰফিকুল আলি (২০) বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, অসম ডাউন টাউন বিশ্ববিদ্যালয়ত অধ্যয়নৰত অৰুণাচলৰ ছাত্ৰ এজনৰ ৰখাই থোৱা ৰয়েল এনফিল্ট বুলেট এখন চোৰ হয়।শুক্ৰবাৰে নিশা পানীখাইতি আৰক্ষী চকীৰ অন্তৰ্গত আমগাঁওত ৰখাই থোৱা AR-09-E-0459 নম্বৰৰ বুলেট খন ৰখাই থোৱা ঠাইৰ পৰা চুৰি হয়।শনিবাৰে ভুক্তভোগীয়ে পানীখাইতি আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।

এই এজাহাৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই শনিবাৰেই সন্ধিয়া পাঠশালাত উদ্ধাৰ কৰে বুলেটখনৰ লগতে গ্ৰেপ্তাৰ কৰে ৰফিকুল আলি (২০) নামৰ চোৰটোক।

আৰক্ষীয়ে চোৰটোক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *