পাখৰিতল বজাৰত জব্দ বুজন পৰিমাণৰ য়াবা টেবলেট

পাখৰিতল বজাৰত ড্ৰাগছ বিৰোধী অভিযান।

অভিযানত আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমাণৰ নিষিদ্ধ য়াবা টেবলেট।

ধুবুৰী জিলাৰ চাপৰৰ পাখৰিতল বজাৰত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমাণৰ নিষিদ্ধ য়াবা টেবলেট লগতে আটক কৰে মগৰব আলী আৰু ছাদ্দাম হুছেইন নামৰ দুজন লোকক।

জানিব পৰা মতে, পাখৰিতল বজাৰত থকা SUHANA DRUGS DISTRIBUTERS নামৰ ফাৰ্মাচীখনত আৰক্ষীয়ে অভিযান চলায়।

অভিযানকালত ফাৰ্মাচীখনৰ পৰা নিষিদ্ধ য়াবা টেবলেটসমূহ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী।

এই ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

জব্দ কৰা য়াবা টেবলেটসমূহৰ পৰিমাণ ১ কেজি ৬০০ গ্ৰাম বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *