গুৱাহাটীৰ হেঙেৰাবাৰীত ন-বোৱাৰীৰ ৰহস্যজনক মৃত্যু মৃত বোৱাৰীগৰাকীৰ ৰিম্পী কলিতা বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, মাত্ৰ দুমাহ পূৰ্বে হীৰকজ্যোতি ডেকা নামৰ এজন যুৱকৰ সৈতে আইনী বিবাহ সম্পন্ন হৈছিল ৰিম্পী কলিতাৰ। হেঙেৰাবাৰীৰ সংযোগ পথৰ হাউচ নম্বৰ ৯ত ভাড়াতীয়া হিচাপে আছিল দুয়ো।ঘটনাৰ নিশা চালক হিচাপে কৰ্মৰত স্বামী হীৰকজ্যোতি ডেকা গৈছিল জুবিনক্ষেত্ৰলৈ। নিশা ঘৰলৈ উভতি অহাৰ পিছত পত্নী ৰিম্পী কলিতাক মৃত অৱস্থাত প্ৰত্যক্ষ কৰে হীৰকজ্যোতিয়ে।
খবৰ লাভ কৰাৰ পিছতে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। ঘটনাৰ নিশাই আৰক্ষীয়ে মৃত ৰিম্পীৰ স্বামী হীৰকজ্যোতি ডেকাক আটক কৰে।
উল্লেখ্য যে হীৰকজ্যোতিৰ ঘৰ ৰামদিয়াত আৰু ৰিম্পী কলিতাৰ ঘৰ বামুন্দীত।
ইফালে, ৰিম্পীৰ পৰিয়ালৰ অভিযোগ অনুসৰি এয়া এক পৰিকল্পিত হত্যাকাণ্ড।মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীৰ তদন্তৰ পিছতহে ন-বোৱাৰীগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ স্পষ্ট হ’ব।