বিজনী পাণবাৰী পথৰ নিজাৰী নৈৰ দলঙৰ পাৰত পথ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিল এখন বালি ভৰ্তি ডাম্পাৰ।
কথমপি প্ৰাণ ৰক্ষা চালক আৰু কৰ্মচাৰীৰ।
AS 26C 7417 নম্বৰৰ এখন ডাম্পাৰ বিজনীৰ মাক্ৰাৰ পৰা বিষ্ণুপুৰ অভিমুখে বালি কঢ়িয়াই লৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা।
ডাম্পাৰ খনৰ চালক ৰুস্তম আলীয়ে জানিব দিয়া অনুসৰি উলুবাৰীৰ দিশৰ পৰা আহি থকা এখন চাৰিচকীয়া বাহনক বচাবলৈ গৈ দ খাৱৈত বাগৰি পৰে ডাম্পাৰখন।
চালকজনে জানিব দিয়া অনুসৰি চাৰিচকীয়া বাহনখনে এখন ইনোভা বাহনক অভাৰটেক কৰিব খুজিছিল।তেনে মুহূৰ্তত সন্মুখত আহি উপস্থিত হোৱা ডাম্পাৰখনে পথ এৰি দিবলৈ গৈ এই ঘটনা সংঘটিত হয়।
দুৰ্ঘটনাটোত কোনো লোকৰ ক্ষতি হোৱা নাই যদিও ১১ হেজাৰ ভ’ল্টৰ বিদ্যুতৰ খুঁটা এটা ভাঙি পৰে যাৰ ফলত উলুবাৰী, পাণবাৰী, বিষ্ণুপুৰকে আদি কৰি এক বৃহৎ অঞ্চলত বিদ্যুৎ ব্যৱস্থা ব্যাহত হৈ পৰে।