নতুন দিল্লীৰ ৰাজঘাটত ভাওনাৰ মঞ্চায়ন, বিশ্ব দৰবাৰত উজলিল অসমৰ সত্ৰীয়া সংস্কৃতি!

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু তেখেতৰ পৰিয়ালৰ ব্যক্তিগত উদ্যোগত নতুন দিল্লীৰ ৰাজঘাটস্থিত গান্ধী দৰ্শন স্মৃতিত সফলতাৰে অনুষ্ঠিত হ’ল এক বিশেষ ভাওনা অনুষ্ঠান। যোৱা ১৪ নৱেম্বৰৰ বিয়লি ৫ বজাৰ পৰা অনুষ্ঠিত এই আধ্যাত্মিক সন্ধিয়াটিত যোৰহাটৰ মিলন নগৰস্থিত কৃষ্ণ শঙ্কৰ শিল্পী সমাজৰ লগতে যোৰহাট, তিতাবৰ, মৰিয়নী আৰু টীয়কৰ শিল্পীসকলে পৰিৱেশন কৰে সৰ্বজন সমাদৃত পূৰ্ণাংগ নাট নৃসিংহ অৱতাৰ। ভাওনা মহীয়ান ত্ৰিলোক বৰাৰ পৰিচালনাত মঞ্চস্থ হোৱা এই ভাওনাখনে দিল্লীৰ বুকুত অসমৰ চহকী সাংস্কৃতিক পৰম্পৰাক এক অনন্য ৰূপত তুলি ধৰে।

ভাওনাত ‘ষণ্ড মুনি’ৰ চৰিত্ৰত মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ অভিনয়! দিল্লী-এনচিআৰৰ অসমবাসীৰ লগতে বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতি!

এই বিশেষ ভাওনাখনৰ অন্যতম মুখ্য আকৰ্ষণ আছিল মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ অভিনয়। ভাওনাখনত ষণ্ড মুনিৰ চৰিত্ৰত অভিনয় কৰি বিধায়কগৰাকীয়ে দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পূৰ্বে নৃসিংহ অৱতাৰৰ পবিত্ৰ মুখাভাগ ৰে’লযোগে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ চৰকাৰী আবাস পোৱাৰ পাছত শ্ৰদ্ধা-ভকতিৰে আদৰণি জনোৱা হৈছিল। অনুষ্ঠানটিত দিল্লীৰ বহু প্ৰখ্যাত ৰাজনীতিবিদৰ লগতে দিল্লী, নয়ডা, ফৰিদাবাদ আৰু গুৰগাঁৱত বসবাস কৰা বহুসংখ্যক অসমীয়া ৰাইজে উপস্থিত থাকি শিল্পীসকলক উৎসাহিত কৰে। অসমৰ জাতীয় কৃষ্টি-সংস্কৃতিক সৰ্বভাৰতীয় পৰ্যায়ত চিনাকি কৰি দিয়াৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লোৱা এই প্ৰচেষ্টাক এতিয়া সকলোৱে শলাগ লৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *