নতুন দিল্লীত আজিৰে পৰা ৫৩ সংখ্যক বিশ্ব গ্ৰন্থমেলা

নতুন দিল্লীত আজিৰে পৰা ৫৩ সংখ্যক বিশ্ব গ্ৰন্থমেলা অনুষ্ঠিত হৈছে।

৯ দিনীয়াকৈ আয়োজিত এই গ্ৰন্থমেলাত ৩৫খনতকৈও অধিক দেশৰ সহস্ৰাধিক প্ৰকাশন গোষ্ঠী সন্মিলিত হৈছে।

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে গ্ৰন্থমেলাখন উদ্বোধন কৰে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰসংগত গ্ৰন্থই প্ৰতিটো প্ৰজন্মৰ মাজত সমন্বয়ৰ সেতু নিৰ্মাণ কৰে বুলি মন্তব্য কৰে।

এই গ্ৰন্থমেলা বিশ্বৰ বিভিন্ন দেশৰ প্ৰকাশকসকলৰ বাবে এখন সন্মানীয় আৰু বিশ্বাসযোগ্য মঞ্চ হিচাপে পৰিগণিত হৈছে বুলিও তেওঁ উল্লেখ কৰে। 

Leave a Reply

Your email address will not be published. Required fields are marked *