নগাঁৱত কংগ্ৰেছৰ দুৰৱস্থা। হাজাৰ হাজাৰ ভোটত পিছ পৰিল শিৱামণি বৰা

অব্যাহত আছে নগাঁও লোকসভা সমষ্টিৰ উপ- নিৰ্বাচনৰ ভোটগণনা।

পুৱা ৮ বজাৰ পৰা আৰম্ভ ভোটগণনা প্ৰক্ৰিয়া।

প্ৰথমে পোষ্টেল বেলটৰে আৰম্ভ কৰা হৈছে ভোটগণনা প্ৰক্ৰিয়া।

কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে চলাছে ভোটগণনা

এতিয়ালৈকে জাগীৰোড, ৰহা, লাহৰীঘাট, বিধানসভা সমষ্টিৰ অন্তৰ্গত ভোটগণনা কেন্দ্ৰত আগবাঢ়ি আছে বিজেপি।

অৱশ্যে ৰূপহীহাট সমষ্টিত কংগ্ৰেছতকৈ আগবাঢ়ি আছে এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল।

তাৰোপৰি কংগ্ৰেছৰ দখলত থকা চামগুৰি বিধানসভা সমষ্টিত এইবাৰ কংগ্ৰেছে মুখথেকেচা খোৱাৰ উপক্ৰম হৈছে।

উক্ত সমষ্টিতো বিপুল ভোটৰ ব্যৱধানত বিজেপি প্ৰাৰ্থী দেৱাশিষ শৰ্মা।

পুৱা ৮-০০ বজাৰ পৰা চলা ভোটগণনাত ৩৬,৩৭৩ টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থীগৰাকী।

তেওঁ লাভ কৰিছে ৫৯ হাজাৰৰো অধিক ভোট।

ইফালে কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই লাভ কৰিছে ৭,৬৬৮টা ভোট।

২৩,৪৯২টা ভোট লাভ কৰিছে এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমলে।

নিৰ্বাচনী শেহতীয়া ৰেহ-ৰূপ অনুসৰি নগাঁও সমষ্টিৰ বাবে বিজেপি আৰু এ আই ইউ ডি এফৰ মাজতে হ’ব মূল যুঁজ !

Leave a Reply

Your email address will not be published. Required fields are marked *