ছিমলাত তিব্বতী ধৰ্মগুৰু দালাই লামাৰ আজি ৯১ সংখ্যক ওপজা দিন। ধৰ্মগুৰুগৰাকীৰ এই বিশেষ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।
সামাজিক মাধ্যমত এক প’ষ্টযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দালাই লামাক জন্মদিনৰ শুভেচ্ছা জনাই
প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, দালাই লামাৰ শান্তি, সম্প্ৰীতি আৰু মানৱতাৰ বাৰ্তাই সমগ্ৰ বিশ্বৰ লোকসকলৰ বাবে সদায় অনুপ্ৰেৰণাৰ উৎস হিচাপে কাম কৰি আহিছে। তেখেতৰ আধ্যাত্মিক বাৰ্তাই বিশ্বজুৰি মানুহক এক সঠিক পথ প্ৰদৰ্শন কৰিছে।
ধৰ্মগুৰুগৰাকীৰ মহানতাৰ কথা সুঁৱৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, দালাই লামাৰ নৈতিক তথা আধ্যাত্মিক শক্তিৰ লগতে সমগ্ৰ মানৱ কল্যাণৰ প্ৰতি থকা তেওঁৰ অনন্য সমৰ্পিততা সঁচাকৈয়ে অতুলনীয় আৰু প্ৰশংসনীয়। বাৰ্তাটিৰ শেষত প্ৰধানমন্ত্ৰীয়ে ধৰ্মগুৰুগৰাকীৰ দীৰ্ঘায়ু কামনা কৰাৰ লগতে তেওঁৰ সুস্থ আৰু সুখী জীৱনৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায়।