ধুবুৰীৰ চাপৰত প্রশাসনৰ উচ্ছেদ অভিযান;১০০বিঘা ভূমিত পট্টা থকা ৯০টা পৰিয়ালক চলালে উচ্ছেদ

পুনৰ উচ্ছেদিত এলেকাত চলিল জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান।

আজি বিশাল আৰক্ষীৰ অৰ্ধসামৰিক বাহিনীৰ উপস্থিতিত চলিল উচ্ছেদ অভিযান। পট্টাভুক্ত ভূমিত চলিল প্ৰশাসনৰ বুলডোজাৰ। প্ৰায় ১০০ বিঘা ভূমিত বসবাস কৰা ৯০ টাকৈ পৰিয়ালক প্ৰশাসনে চলালে উচ্ছেদ।অভিযান।

জানিব পৰা মতে, প্ৰশাসনে পট্টাভুক্ত ভূমিৰ গৰাকীক ক্ষতিপুৰণ প্ৰদান কৰিছে যদিও ভূমিৰ বিপৰীত ভূমিত প্ৰদান কৰাত পলম হৈছে।

কিছুমানে ভূমিৰ পৰিৱৰ্তে ভূমি লৈছে যদিও দখল লাভ কৰিব পৰা নাই। যাৰ বাবে গৃহ নিৰ্মাণ কৰিব নোৱাৰাত উচ্ছেদিত এলেকাত বসবাস কৰি থাকিবলৈ বাধ্য হৈছিল। কিন্তু হঠাৎ জিলা প্ৰশাসনৰ উচ্ছেদ অভিযানে বিপাঙত পেলাইছে পট্টাভুক্ত লোকসকলক। আনহাতে উচ্ছেদস্থলীত সাংবাদিকক প্ৰৱেশত বাধা প্ৰদান ধুবুৰী জিলা প্ৰশাসনৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *