ধাননি পথাৰৰ মাজত উদ্ধাৰ যুৱকৰ অৰ্ধগলিত মৃতদেহ

পশ্চিম লামডিং পঞ্চায়তৰ ১ নং হাতীখুলি গাঁৱত চাঞ্চল্যকৰ ঘটনা। ধাননি পথাৰৰ মাজত উদ্ধাৰ যুৱকৰ অৰ্ধগলিত মৃতদেহ।

মৃত যুৱকজনৰ নাম ৰাজীৱ মজুমদাৰ বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, পৰিয়ালৰ সৈতে কাজিয়া কৰি বিগত প্ৰায় ২০-২২ দিন ধৰি সন্ধানহীন হৈ আছিল যুৱকজন।

মঙলবাৰে পুৱাৰ ভাগত স্থানীয় বাসিন্দাসকলে ধান কাটি থকা অৱস্থাত ধাননি পথাৰৰ মাজত মৃতদেহটো প্ৰত্যক্ষ কৰে

লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে।আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ লাভ কৰাৰ লগে লগে লামডিং আৰক্ষী, হোজাই জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, লামডিং সম জিলাৰ আৰক্ষী অধীক্ষক আৰু মহকুমাধিপতি।ঘটনাস্থলীত উপস্থিত হয়।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে আৰম্ভ কৰিছে তদন্ত।

বৰ্তমানলৈ জানিব পৰা হোৱা যুৱকজনৰ মৃত্যু কাৰণ।

Leave a Reply

Your email address will not be published. Required fields are marked *