দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ লৈ বটদ্ৰৱা থানত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণৰ পাছতে আজি পুৱাই জাতীয় সাজ পৰিধান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বটদ্ৰৱা থানৰ কীৰ্তনঘৰত শৰাই আগবঢ়ায়।

বটদ্ৰৱা থানত উপস্থিত হোৱাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীক বটদ্ৰৱা থান পৰিচালনা সমিতিৰ হৈ সভাপতি অম্লান জ্যোতি দেৱ গোস্বামী, উপসভাপতি যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্ত, কাৰ্যকৰী সভাপতি গোবিন চন্দ্ৰ দাসকে আদি কৰি সদস্য সকলে সম্বৰ্ধনা জনাই। বটদ্ৰৱাৰ স্থানীয় দল সংগঠনৰ পৰাও তেওঁক সম্বৰ্ধনা জনাই।

আনফালে, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যালয়ত সমিতিৰ সৈতে বৈঠকত মিলিত হয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *