দীৱালীৰ আনন্দৰ মাজতে মালিগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড

দীৱালীৰ আনন্দৰ মাজতে মালিগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড।

মালিগাঁও তিনি নম্বৰ গেট অঞ্চলত সংঘটিত হোৱা এই বিধ্বংসী অগ্নিকাণ্ডত কেইবাটাও জুপুৰী ঘৰ সম্পূর্ণৰূপে ভস্মীভূত হোৱাৰ লগতে লক্ষাধিক টকাৰ সা-সামগ্ৰী জ্বলি ছাই হয়।

তথ্য অনুসৰি, দীৱালীৰ ফটকাৰ পৰাই এই জুইৰ সূত্ৰপাত ঘটে।

জুইৰ লেলিহান শিখা মুহূর্ততে কাষৰীয়া ঘৰসমূহলৈ বিয়পি পৰে আৰু ইয়াৰ মাজতে ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাত পৰিস্থিতি অধিক ভয়াৱহ হৈ উঠে।

চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত জুই সমগ্ৰ অঞ্চলটোতে দ্ৰুতগতিত বিয়পি পৰাত স্থানীয় লোকসকলৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হয়।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে পাণ্ডু, আই এছ বি টি (ISBT) আৰু পানবজাৰৰ পৰা অগ্নিনিৰ্বাপক বাহিনীৰ চাৰিখনকৈ গাড়ী ঘটনাস্থলীত উপস্থিত হয়।

অগ্নিনিৰ্বাপক বাহিনীৰ নেৰানেপেৰা চেষ্টাৰ অন্তত জুই নিৰ্বাপিত কৰা হয় যদিও তেতিয়ালৈকে অঞ্চলটোৰ কেইবাটাও ঘৰ আৰু বহু মূল্যৱান সম্পত্তি সম্পূর্ণৰূপে ধ্বংসপ্ৰাপ্ত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *