দীপাৱলীৰ আনন্দ-উল্লাসৰ মাজতে বজালীৰ পাঠশালা চাৰিআলি চ’কত নিশা ভয়ংকৰ অগ্নিকাণ্ড।
অগ্নিকাণ্ডৰ ফলত হেঙুলী প্ৰকাশ, উপাসা খেলাঘৰ আৰু সূচিত্ৰা জুৱেলাৰীকে ধৰি মুঠ ৮খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত হয়।
জানিব পৰা মতে, ‘উপাসা খেলাঘৰ’ নামৰ প্ৰতিষ্ঠানখনৰ পৰাই প্ৰথমে জুইৰ সূত্ৰপাত হয়। জুইৰ লেলিহান শিখাই নিমিষতে কাষৰীয়া দোকানসমূহলৈ ভয়াবহভাৱে বিয়পি পৰে। চকুৰ পলকতে এখনৰ পিছত আনখন দোকান জুইৰ কবলত পৰাত সমগ্ৰ পাঠশালা চাৰিআলি অঞ্চলত প্ৰচণ্ড আতংকৰ সৃষ্টি হয়।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ ৪খনকৈ বাহন ঘটনাস্থলীত উপস্থিত হয়। অগ্নিনিৰ্বাপক বাহিনীৰ জোৱানসকলে স্থানীয় ৰাইজৰ সহযোগত দীৰ্ঘ সময় ধৰি চলোৱা আপ্ৰাণ চেষ্টাৰ অন্তত অৱশেষত জুই নিয়ন্ত্ৰণলৈ আনে। অগ্নিকাণ্ডৰ খবৰ পাই বজালী জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলে উপস্থিত হৈ পৰিস্থিতি চম্ভালাৰ লগতে উদ্ধাৰ কাৰ্যত সহযোগিতা আগবঢ়ায়।