দলগাঁৱৰ বেছিমাৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ

দলগাঁৱৰ বেছিমাৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ৷

বেছিমাৰীৰ বাগান ৰোডত থকা ইউছুফ আলীৰ ঘৰৰ পৰা আৰক্ষী আৰু সচেতন ৰাইজে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ৷

শতাধিক ড্ৰাগছ ভৰ্তি কন্টেইনাৰৰ লগতে উদ্ধাৰ হয় বহুখিনি খালি কন্টেইনাৰ।

দলগাঁৱৰ বেছিমাৰীত ইউছুফ আলীয়ে নিজ বাসগৃহত দীৰ্ঘদিন ধৰি চলাই আহিছিল ড্ৰাগছৰ ব্যৱসায়।

আজি বেছিমাৰী সচেতন যুৱকসকলৰ প্ৰচেষ্টাত দলগাঁও আৰক্ষীয়ে ঘৰখনত থকা ড্ৰাগছৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হয়।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইউছুফ আলীক আটক লগত লৈ অইন কেইবাটাও স্থানলৈ অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *