যোৰহাটৰ যুৱতীৰ মৃত্যুৰ ঘটনাক লৈ প্ৰথমবাৰলৈ মুখ খুলি বিস্ফোৰক যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰে নাম সাঙোৰ খোৱা আৰিয়ান গোস্বামীৰ।
আৰিয়ানে মন্তব্য কৰে যে ‘‘তাই খাই বৈ পৰি আছিল। মই মাৰা নাই, বচাবলৈহে গৈছিলোঁ।’’
উল্লেখ্য যে যোৰহাটৰ এগৰাকী যুৱতীৰ মৃত্যুৰ ঘটনাৰ মূল অভিযুক্ত আৰিয়ান গোস্বামীক গোলাঘাটৰ ৰঙাজানৰ নামবৰ হাবিৰ মাজৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল।
ঘটনাৰ জড়িত আন এটা অভিযুক্ত অংকিত দাস এতিয়াও পলাতক হৈ আছে। মঙলবাৰে সন্ধিয়া যোৰহাটৰ যুৱতীৰ মৃত্যুৰ ঘটনাৰে জড়িত ২ বান্ধৱীকো গ্ৰেপ্তাৰ কৰা হৈছিল।
সোধাপোছাৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছিল যুৱতীগৰাকীৰ ২ বান্ধৱীক।
উল্লেখ্য যে শনিবাৰে নিশা যোৰহাটৰ ৰহস্যজনকভাৱে মৃত্যু হৈছিল এগৰাকী ১৮ বছৰীয়া যুৱতীৰ। পৰিয়ালৰ লোকে যুৱতীগৰাকীৰ বন্ধু-বান্ধৱীয়ে হত্যাৰ অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ পিছতে যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ বহু চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছিল।
শনিবাৰে নিহত যুৱতীগৰাকীৰ সৈতে পাৰ্টী কৰা বন্ধুৱে জানিবলৈ দিয়া, মতে ড্ৰাগছ অভাৰড’জৰ ফলত মৃত্যু হৈছিল যুৱতীগৰাকীৰ। আনহাতে আন এগৰাকী যুৱতী উক্ত নিশা পাৰ্টীত উপস্থিত নাছিল আৰু পিছত চিকিৎসালয়লৈ গৈছিল বুলি অনুসন্ধানত পোহৰলৈ আহিছে। ভুক্তভোগী যুৱতীগৰাকীৰ সৈতে নিৰ্যাতন চলোৱাৰ তথ্য তদন্তত বৰ্তমানলৈকে পোহৰলৈ অহা নাই।