পশ্চিম কাৰ্বি আংলঙৰ ডংকামকামত অসম চৰকাৰৰ কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকা
২০০৫ চনৰ ১৭ অক্টোবৰত পশ্চিম কাৰ্বি আংলঙৰ চাৰছিমত ডিমাচা উগ্ৰপন্থীৰ নৃশংস আক্ৰমনত প্ৰাণ আহুতি দিয়া ৪২ জনকৈ নিৰীহ কাৰ্বি লোকৰ স্মৃতিত ডংকামকামৰ ৱাইচং ষ্টেডিয়ামত আয়োজন কৰা ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত মুখ্য অতিথি ৰূপে উপস্থিত থাকে মন্ত্ৰীগৰাকী।
নিজ গৃহ চহৰখনত আয়োজিত এই খেলখনত উপস্থিত থাকে কাৰ্বি পৰিষদৰ চিইএম তথা স্থানীয় ৰংখাং সমষ্টিৰ বিধায়ক তুলিৰাম ৰংহাং। মৃত লোকসকলৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰি শ্ৰদ্ধা অৰ্পন কৰে মন্ত্ৰী গৰাকীয়ে।