জামুগুৰিহাটত কেইবা শতাধিক গাহৰিৰ মৃত্যু।

জামুগুৰিহাটৰ কুসুমটোলাত কেইবা শতাধিক গাহৰিৰ মৃত্যু। অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যু গাহৰিৰ।ফলত চিন্তিত হৈ পৰিছে অঞ্চলটোৰ গাহৰি পালকসকল৷

কুসুমটোলা গাঁৱৰ বিশ্বজিৎ হাজৰিকা নামৰ যুৱকজনৰ গাহৰি ফাৰ্মখনত এসপ্তাহৰ ভিতৰত মৃত্যু হৈছে সৰু বৰ প্ৰায় তিনি শতাধিক গাহৰিৰ। জ্বৰ,তেজ বমি হৈ এসপ্তাহৰ ভিতৰত বৃহৎ সংখ্যক গাহৰিৰ মৃত্যু হোৱাৰ পিছত এতিয়া একপ্ৰকাৰ উচন হৈ যোৱাৰ পথতহে যেন আগবাঢ়িছে গাহৰিৰ ফাৰ্মখন।

শিক্ষিত নিৱনুৱা যুৱকজনে চাৰিওফালে ধাৰ-ঋণ লৈ হ’লেও এখন গাহৰিৰ ফাৰ্ম খুলি ৫০০ৰো অধিক গাহৰিৰ পোৱালি পালনৰ জৰিয়তে স্বনিৰ্ভৰশীলতাৰ পথ বাচি লৈছিল৷ কিন্তু গাহৰি ডাঙৰ হৈ অহাৰ পিছতে ইয়াৰ মাজৰে প্ৰায় তিনিশ গাহৰি মৃত্যুমুখত পৰাত মূৰে কপালে হাত দিবলগীয়া অৱস্থা হৈছে গাহৰিপালক বিশ্বজিতৰ ৷

ইতিমধ্যেই ফাৰ্মখনত পশু চিকিৎসকৰ দল উপস্থিত হৈ মৃত গাহৰিৰ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছে।ৰাজ্যৰ বিভিন্ন প্ৰান্তত আফ্ৰিকান ছোৱাইন ফ্লুত আক্ৰান্ত হৈ গাহৰিৰ মৃত্যু হোৱা খবৰ আহি থকাৰ সময়তে জামুগুৰিহাটৰ কুসুমটোলাতো এইদৰে গাহৰি ফাৰ্মত বৃহৎ সংখ্যক গাহৰিৰ মৃত্যু হোৱাত সন্দেহ ঘনীভূত হৈ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *