জনপ্রিয় কবি জোনমণি দাসৰ দেহাৱসান।ডিব্ৰুগড়ৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে কবিগৰাকীয়ে। শিশু সাহিত্যিক হিচাপে জোনমণি দাসে প্ৰণয়ন কৰিছিল কেইবাখনো গ্ৰন্থ। মৃত্যুৰ সময়ত তেওঁ পত্নী, কন্যা আৰু এটি পুত্ৰ সন্তানক এই সংসাৰত এৰি থৈ যায়।
জোনমণি দাসৰ অকাল বিয়োগত অপূৰণীয় ক্ষতি অসমীয়া সাহিত্যজগতত।
উল্লেখ্য যে, জোনমণি দাস।১৯৮৫ চনৰ ৩১ মে’ ত শিৱসাগৰত জন্মগ্ৰহণ কৰিছিল জোনমণিয়ে তেওঁৰ ব্যতিক্ৰমী শব্দ চয়ন আৰু কাব্যশৈলীৰ জৰিয়তে পাঠকৰ মাজত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল। শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰি দাসে শিৱসাগৰৰে বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ পৰা উচ্চশিক্ষা গ্ৰহণ কৰে।