ছিপাঝাৰ আৰক্ষীৰ বৃহৎ সফলতা৷
সোমবাৰে নিশা ছিপাঝাৰ, পাথৰিঘাট আৰু বুঢ়া আৰক্ষীৰ যুটীয়া অভিযান৷
আৰক্ষীৰ অভিযানত বুঢ়াদৈ চপৰাৰ আজিৰ ৰহমানৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ৬ কিলো গাঞ্জা৷
আটক গাঞ্জা মজুত কৰি ৰখা আজিৰ ৰহমান নামৰ এজন লোকক ৷
ধৃত আজিৰ ৰহমানে ঘৰতে মজুত কৰি ৰাখিছিল বৃহৎ পৰিমাণৰ গাঞ্জাখিনি৷
আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি অভিযান চলাইছিল আজিৰ ৰহমানৰ ঘৰত৷
উদ্ধাৰ হোৱা গাঞ্জাখিনিৰ আনুমানিক বজাৰ মুল্য প্ৰায় ৩ লাখ টকা৷
দীৰ্ঘদিনৰ পৰা আজিৰ ৰহমানে কৰি আহিছিল গাঞ্জা ব্যৱসায়৷
আনহাতে কেন্দুগুৰিতো নিশা আৰক্ষীৰ আন এক অভিযান৷
অভিযানত গাঞ্জাসহ আটক এগৰাকী মহিলাক৷
ধৃত মহিলাগৰাকীৰ নাম যশোদা কলিতা বুলি জানিব পৰা গৈছে৷
মহিলাগৰাকীৰ ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে প্ৰায় ২ কিলো গাঞ্জা৷
মহিলাগৰাকীৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা গাঞ্জাখিনিৰ বজাৰ মুল্য প্ৰায় ১ লাখ টকা৷