গৰু কঢ়িয়াই নিয়া বাহন দুৰ্ঘটনাগ্ৰস্ত।ফলত ৫ টা গোধনৰ মৃত্যু, ১২ টা আঘাতপ্ৰাপ্ত
চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ পৰা নিতৌ অসমত প্ৰৱেশ কৰা এই আন্তঃৰাজ্যিক চোৰাং গৰু চক্ৰৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীয়ে চলাইছে তীব্ৰ অভিযান।
ধুবুৰীৰ গৌৰীপুৰ আৰু আঠানি আৰক্ষীৰ যৌথ অভিযানত বাহনসহ উদ্ধাৰ চোৰাং গৰু।
গৌৰীপুৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি চলাইছিল এই অভিযান।
অভিযানৰ সময়তে।AS-01-PC-9425 নম্বৰৰ এখন চোৰাং গৰু ভৰ্তি ট্ৰাক আৰক্ষীয়ে পিছা কৰাৰ মুহূৰ্ততে ট্ৰাকখনে নিয়ন্ত্রণ হেৰুৱাই আলমগঞ্জত এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হয়।
দুৰ্ঘটনাটোৰ ফলত ট্ৰাকখনত থকা ৫টাকৈ গৰুৰ থিতাতে মৃত্যু হয়।
ইফালে আৰক্ষীয়ে সংকটজনক অৱস্থাত ১২টা গৰু জীৱিত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
আনহাতে,আঠানী আৰক্ষীৰ এক অভিযানত ঝালোপাৰা অঞ্চলৰ পৰা আৰক্ষীয়ে AS-15-AB-4474 নম্বৰৰ এখন বিলাসী বলেৰো বাহনসহ চাৰিটা চোৰাং গৰু জব্দ কৰে বুলি জানিব পৰা গৈছে।
সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।