গুৱাহাটীৰ খাৰঘূলিত জব্দ ৩৮ কেজি সোণ

গুৱাহাটীৰ খাৰঘূলিত জব্দ ৩৮ কেজি সোণ।

জব্দ হোৱা সোণখিনিৰ মূল্য প্ৰায় ৫০ কোটি টকা।বুলি জানিব পৰা গৈছে।

ঘটনাসন্দৰ্ভত সোণসহ অক্ষয় বানকৰ নামৰ এজন লোকক গ্ৰেপ্তাৰ।ধৃত অক্ষয় বানকৰৰ ঘৰ পুনেত।

মুম্বাইৰ পৰা কুৰিয়াৰ ছাৰ্ভিচেৰে গুৱাহাটীলৈ আনিছিল সোণখিনি।

গুৱাহাটীতে এজনক সোণখিনি ডেলিভাৰী দিবলৈ আহিছিল অক্ষয়ে। গান্ধীবস্তিত ভাড়াতীয়া হিচাপে থাকে ডেলিভাৰী বয় অক্ষয়।

কুৰিয়াৰ ছাৰ্ভিচেৰে আহিছিল সোণৰ বিস্কুটখিনি। আন এটা পাৰ্টিক দিবলৈ সোণখিনি লৈ খাৰঘুলিলৈ গৈছিল সৰবৰাহকাৰীজন।

সোণ সৰবৰাহকাৰী অক্ষয়ৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ৪টা মোবাইল ফোন।

Leave a Reply

Your email address will not be published. Required fields are marked *