গুৱাহাটীত যান-বাহন শাখাৰ কনিষ্টবল টিংকুমণি ডেকাক উপৰ্যুপৰি প্ৰহাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ ৩ অভিযুক্তক

গুৱাহাটীত যান-বাহন শাখাৰ কনিষ্টবল টিংকুমণি ডেকাক উপৰ্যুপৰি প্ৰহাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ ৩ অভিযুক্তক।

গ্ৰেপ্তাৰ হোৱা ৩ অভিযুক্ত সুশান্ত আচাৰ্য, ছুৰচি আচাৰ্য আৰু গুন্তছ সিং। ইয়াৰে সুশান্ত আৰু ছুৰচি আচাৰ্যৰ ঘৰ মেঘালয়ৰ শ্বিলঙত। আনহাতে, গুন্তছ সিঙৰ ঘৰ পঞ্জাবৰ মোহালিত।বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, Guns N’ Rosesৰ অনুষ্ঠানৰ মাজতে খানাপাৰাৰ শনি মন্দিৰৰ সমীপত সংঘটিত হৈছিল ভয়ংকৰ মাৰপিটৰ ঘটনা। ঘটনাৰ সময়ত নিজৰ কৰ্তব্য পালন কৰি আছিল যান-বাহন শাখাৰ কনিষ্টবল টিংকুমণি ডেকাই।

অভিযোগ অনুসৰি, সেই সময়তে সুৰাপান কৰি থকা যুৱক-যুৱতীৰ এটা দলে চলাচল কৰি থকা বাহনৰ মাজেৰে ৰাজপথ পাৰ হ’বলৈ চেষ্টা কৰিছিল। কিন্তু ব্যস্ত ৰাজপথত বাহনৰ মাজেৰে পাৰ হোৱাত বাধা প্ৰদান কৰিছিল কৰ্তব্যৰত আৰক্ষী জোৱানজনে। এই কথাক কেন্দ্ৰ কৰিয়েই যুৱক-যুৱতীৰ দলটোৱে টিংকুমণি ডেকাক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

প্ৰায় ৭-৮জনীয়া যুৱক-যুৱতীৰ দলটোৱে আৰক্ষী জোৱানজনক মাটিত বগৰাই উপৰ্যুপৰি প্ৰহাৰ কৰাৰ দৃশ্য বন্দী হৈছিল। এই আক্ৰমণত মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় কনিষ্টবলগৰাকী। ঘটনাৰ পিছতে নিশাই দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল টিংকুমণি ডেকাই। অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এজন যুৱকক আটক কৰিছিল যদিও কিছু সময়ৰ পিছতে অভিযুক্তক যাবলৈ দিয়া হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *