কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীৰ পদত্যাগ।
উত্তৰ প্ৰদেশৰ ৰাজ্যসভাৰ আসনৰ পৰা পদত্যাগ মন্ত্ৰী হৰদীপ সিং পুৰীৰ৷
ৰাজ্যসভাই প্ৰকাশ কৰা এক বুলেটিনত উল্লেখ কৰা অনুসৰি, ‘‘উত্তৰ প্ৰদেশ ৰাজ্যক প্ৰতিনিধিত্ব কৰা ৰাষ্ট্ৰ পৰিষদৰ (ৰাজ্যসভা) নিৰ্বাচিত সদস্য শ্ৰী হৰদীপ সিং পুৰীয়ে ৰাজ্যসভাৰ আসনৰ পৰা পদত্যাগ কৰে আৰু ১৪ নৱেম্বৰ, ২০২৬ তাৰিখে তেওঁৰ পদত্যাগ ৰাজ্যসভাৰ অধ্যক্ষই গ্ৰহণ কৰিছে ৷’’
উল্লেখ্য যে, ৫ নৱেম্বৰত উচ্চ সদনৰ উপ-নিৰ্বাচনত মধ্যপ্ৰদেশৰ পৰা ৰাজ্যসভালৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছিল হৰদীপ সিং পুৰী ।