কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্যৰ কাৰ্যভাৰ গ্ৰহণ। ড৹ অনুপ কুমাৰ তালুকদাৰৰ

কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্যৰ কাৰ্যভাৰ গ্ৰহণ।

বৰপেটাৰ ন-সত্ৰস্থিত কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে বিশিষ্ট শিক্ষাবিদ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাসায়ন বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড৹ অনুপ কুমাৰ তালুকদাৰে।

কৃষ্ণগুৰু সেৱাশ্ৰমৰ ভক্তপ্ৰাণ ৰাইজ আৰু বিশ্ববিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীসকলে ড৹ তালুকদাৰক আদৰণি জনাই।।এজন প্ৰতিষ্ঠিত বিজ্ঞানী তথা অধ্যাপকক উপাচাৰ্য হিচাপে লাভ কৰি বিশ্ববিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ অধিক উন্নত হ’ব বুলি সচেতন মহলে আশা প্ৰকাশ কৰিছে। লগতে কাৰ্যভাৰ গ্ৰহণ কৰি ড৹ অনুপ কুমাৰ তালুকদাৰে এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হয়।

তেওঁ কয় যে- কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ শৈক্ষিক মানদণ্ড আৰু আধ্যাত্মিক দৰ্শনৰ সমন্বয় বৰ্তাই ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ সৰ্বাংগীন বিকাশৰ বাবে সৰ্বতোপ্ৰকাৰে চেষ্টা কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *