কামৰূপ জিলাৰ জিলা শিক্ষা পৰিদৰ্শক কাৰ্যালয়ৰ উদ্যোগত নৱনিযুক্ত শিক্ষকক বিদ্যালয়ৰ নিযুক্তি পত্ৰ বিতৰণ

কামৰূপ জিলাৰ জিলা শিক্ষা পৰিদৰ্শক কাৰ্যালয়ৰ উদ্যোগত নৱনিযুক্ত শিক্ষকক বিদ্যালয়ৰ নিযুক্তি পত্ৰ বিতৰণৰ বাবে এখন সভা আজি অনুষ্ঠিত হয়।

অসম চৰকাৰৰ তৰফৰ পৰা নতুনকৈ নিযুক্তি লাভ কৰা স্নাতোকত্তৰ শিক্ষক আৰু স্নাতক শিক্ষকৰ অন্তৰ্গত কলা, বিজ্ঞান, হিন্দী, সংস্কৃত আৰু অংকৰ কামৰূপ জিলাৰ ৬১৮ গৰাকী নৱ নিযুক্ত শিক্ষক- শিক্ষয়িত্ৰীক বিদ্যালয়ৰ নিয়ুক্তি পত্ৰ প্ৰদান কৰা হয়।

জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই সঞ্চালনা কৰা অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিদ্যালয় নিযুক্তি পত্ৰ বিতৰণ কৰে। 

Leave a Reply

Your email address will not be published. Required fields are marked *