নগাঁও জিলাৰ কামপুৰ বন আঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত চানখোলা গাঁৱত নিশা বন্যহস্তীৰ উপদ্ৰৱ।হাতীৰ এটা জাকে গাঁৱৰে চালেহা খাতুন নামৰ এগৰাকী বিধৱা মহিলাৰ বাসগৃহত তাণ্ডৱ চলাইষ হাতীয়ে ঘৰটোৰ বেৰ আদি ভাঙি চূৰমাৰ কৰাৰ লগতে ঘৰৰ ভিতৰত মজুত কৰি থকা প্ৰায় ১০-১২ মোন ধান খাই আৰু গছকি সম্পূৰ্ণৰূপে নষ্ট কৰে।
চালেহা খাতুন নামৰ এই দুৰ্ভগীয়া মহিলাগৰাকীয়ে এগৰাকী শাৰীৰিকভাৱে অক্ষম যুৱতীক লৈ অত্যন্ত কষ্টৰে অকলশৰে জীৱন নিৰ্বাহ কৰি আহিছে। নিশাৰ আন্ধাৰত হাতীৰ আক্ৰমণৰ সন্মুখীন হৈ অকলশৰীয়া মহিলাগৰাকী আৰু তেওঁৰ কন্যা শংকিত তথা আতংকিত হৈ পৰে।
স্থানীয় লোকসকলে গুৰুতৰ অভিযোগ অনুসৰি,নিশাই ঘটনাৰ সময়ত কামপুৰ বন বিভাগক খবৰ দিয়া হৈছিল যদিও কিন্তু বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হোৱা নাছিল।