কাজিৰঙাত গুলীবিদ্ধ যান-বাহন আৰক্ষী বিষয়া


কঁহৰা যান-বাহন শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰবীন কলিতা গুলীবিদ্ধ ।

আঘাতপ্ৰাপ্ত প্ৰবিন কলিতাক উন্নত চিকিৎসাৰ বাবে যোৰহাটৰ ব্যক্তিগত চিকিৎসালয় সঞ্জীৱনীত ভৰ্ত্তি।

গুলীবিদ্ধ ।আৰক্ষী বিষয়াগৰাকীৰ ঘৰ যোৰহাটৰ কলাখোৱত।বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, সতীৰ্থৰ চাৰ্ভিচ পিষ্টলৰ গুলীত আহত আৰক্ষী বিষয়া প্ৰবীন কলিতা।

কাজিৰঙাৰ পৰা বোকাখাত গৈ থকা অৱস্থাত প্ৰবিন কলিতা গুলীবিদ্ধ হয় ।

চলন্ত গাড়ীত পিষ্টল আনলক কৰাৰ সময়তে সংঘটিত হয় ঘটনাটো।

সতীৰ্থ জয়ন্ত বুঢ়াগোহাঁইৰ চাৰ্ভিচ পিষ্টলৰ পৰা ওলাইছিল গুলী।

Leave a Reply

Your email address will not be published. Required fields are marked *